কানাডা চৰকাৰে বন্ধ কৰিলে ষ্টুডেণ্ট ভিছা : সমস্যাত পৰিব পাৰে ভাৰতৰ লগতে ১৪খন দেশৰ শিক্ষাৰ্থী !

 





 

Digital Desk: শেহতীয়াকৈ কানাডা চৰকাৰে গ্ৰহণ কৰা নীতিৰ বাবে সমস্যাত পৰিব পাৰে হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী ইয়াৰোপৰি ভাৰতৰ লগতে বিশ্বৰ ১৪খন দেশৰ ছাত্ৰ- ছাত্ৰীয়ে পৰিব পাৰে সমস্যাত অতি শেহতীয়াকৈ দেশখনৰ চৰকাৰে বন্ধ কৰিছে ষ্টুডেণ্টা ভিছা আঁচনি বিপৰীতে ভিছা নীতিৰ সম্পৰ্কত জাৰি কৰিছে বিশেষ নিৰ্দেশনা বিভিন্ন দেশৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী কানাডাৰ শিক্ষানুষ্ঠানত অধ্যয়নৰ বাবে দেশখনলৈ যায় পিছে ষ্টুডেণ্ট ভিছা বন্ধ কৰাৰ বাবে এতিয়াৰে পৰা শিক্ষাৰ্থীসকলে ভিছা লাভৰ ক্ষেত্ৰত ভুগিব নানা সমস্যাৰ শিক্ষাৰ্থীসকলৰ বাবে কানাডাৰ ভিছা লাভ কৰাটো একপ্ৰকাৰ দুঃসাধ্য

কানাডা চৰকাৰে শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ষ্টুডেণ্ট ভিছা প্ৰদানৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে দেশখনৰ কেতবোৰ কাৰণৰ কথা উল্লেখ কৰি ভাৰতৰ লগতে ব্ৰাজিল, মৰক্কো, পাকিস্তান, পেৰুকে ধৰি ১৪ খন দেশৰ শিক্ষাৰ্থীৰ ভিছা বন্ধ কৰিছে এক চৰকাৰী ৱেবচাইটত উল্লেখ কৰা মতে এতিয়াৰে পৰা পূৰ্বৰ দৰে ষ্টুডেণ্ট ডাইৰেক্ট ষ্ট্ৰীম চমুকৈ এছ ডি এছ ভিছা লাভ কৰা সহজসাধ্য নহ


অৱশ্যে চৰকাৰে ইয়াকো উল্লেখ কৰে যে এক দীঘলীয়া পদ্ধতিৰ মাজেৰে ভাৰতসহ আন ১৩খন দেশৰ শিক্ষাৰ্থীয়ে ভিছা লাভ কৰিব পাৰিব শিক্ষাৰ্থীসকলে যাৱতীয় নথি- পত্ৰ জমা দিয়াৰ লগতে আন কেতবোৰ নিয়মৰ মাজেৰে ভিছা লাভ কৰিব পাৰিব মুঠৰ ওপৰত জটিল আৰু দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰেহে শিক্ষাৰ্থীয়ে পাব ভিছা

 

Post a Comment

0 Comments

Close Menu