Dibrugarh News: দেওবাৰে নিশা আছিল প্ৰেমিকৰ ভাড়াঘৰত, তাৰ পিছতে নিৰুদ্দেশ! ৬ দিন পিছত নৈত উদ্ধাৰ মধুস্মিতাৰ নিথৰ দেহ
বিগত ৬ দিন ধৰি নিখোজ টীয়কৰ মধুস্মিতা বৰুৱাৰ সন্ধান ওলাল। জীৱন্তে নহয়, চেঁচা নৈৰ বুকুত ওলাল মধুস্মিতাৰ নিথৰ দেহ। প্ৰেমিকক লগ কৰিবলৈ অহাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল মধুস্মিতা বৰুৱা। অফিচত জৰুৰী কাম থকাৰ বাবে যোৱা ৩ নৱেম্বৰ দেওবাৰেও ঘৰৰ পৰা পুৱা ৮ মান বজাত ওলাই আহিছিল মধুস্মিতা বৰুৱা। কিন্তু নিশা ১০ বজালৈ ঘৰলৈ উভতি নোযোৱাত হাহাকাৰ লাগে পৰিয়ালৰ মাজত। মধুস্মিতাৰ ফোন বন্ধ থকাত পৰিয়ালৰ লোকেও যোগাযোগ কৰিব পৰা নাছিল। অৱশেষত নিৰুদ্দেশৰ ৬ দিনৰ পিছত আজি শনিবাৰে পুৱা প্ৰায় ১০:৩০ বজাত ডিব্ৰুগড়ৰ চেঁচা নদীত উদ্ধাৰ হয় মধুস্মিতাৰ মৃতদেহ।
0 Comments