প্রতিদিন অসম ডিজিটেল ডেস্ক: সামাজিক মাধ্যমত নিশাটোৰ ভিতৰতে ট্রেন্ডিঙত এখন বিশেষ শৈলীৰ ফটো। যিয়ে এতিয়া সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিবলৈ সক্ষম হৈছে। ফেচবুক, ইনষ্টাগ্রাম ইত্যাদি ছ'চিয়েল মিডিয়াৰ সকলো প্লেটফর্মতে বিভিন্নজনে নিজৰ বা আন কাৰোবাৰ একো একোখন পেইন্টিং আৰ্হিৰ ছবি আপলোড কৰা হয়তো আপুনি নিশ্চয় দেখিছে।
সামাজিক মাধ্যমত ব্যাপক জনপ্রিয়তা লাভ কৰিছে ষ্টুডিঅ' ঘিবলি' শীর্ষক এই বিশেষ শৈলীৰ ফটোসমূহে। কিন্তু কেনেকৈ প্ৰস্তুত কৰা হৈছে এই পেইন্টিং বা ঘিবলিৰ। এই কথা জানিবলৈ সাধাৰণ ৰাইজৰ মাজতো দিনকদিনে বৃদ্ধি পাইছে উৎকণ্ঠাৰ।
ইণ্টাৰনেটত ট্ৰেণ্ডিঙত থকা 'স্টুডিঅ' ঘিবলি' হৈছে আমেৰিকাৰ প্ৰযুক্তিগত কোম্পানী Open-Al য়ে কৃত্রিম বুদ্ধিমত্তাৰ ভিত্তিত Chat-GPত সৃষ্টি কৰা এখন ছবি। 'স্টুডিঅ' ঘিবলি' হৈছে জাপানীজ এনিমেচনৰ এটা বিখ্যাত ষ্টুডিঅ'।
১৯৯৮ চনত কিম্বদন্তি জাপানীজ চলচ্চিত্র পৰিচালক হায়াও মিয়াজাকি আৰু তেওঁৰ সহযোগী ইছাও তাকাহাতাই স্থাপন কৰিছিল উক্ত ষ্টুডিঅ' ঘিবলি। কৃত্রিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা এই ছবিখনৰ জৰিয়তে নিজৰ ৰূপ চাবলৈ নেতা-মন্ত্রীকে ধৰি ৰাজনৈতিক মহলতো হেতা-ওপৰা লাগিছে। সামাজিক মাধ্যমত 'Studio Ghibli on ChatGTP' বুলি জনপ্রিয় হৈ পৰিছে এক বিশেষ শৈলীৰ ফটোসমূহ।
0 Comments